মেষ : মাহটোৰ আৰম্ভণিতে পঞ্চমত বুধাদিত্য যোগৰ সৃষ্টি হােৱাত ভাগ্য উন্নতিৰ যোগ যদিও আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। গুৰু শুক্র ষষ্ঠত ও মঙ্গলশনি অষ্টমত অৱস্থানে পেচাব-প্ৰেচাৰৰ বৃদ্ধি। ভাতৃ কিম্বা ভগ্নীস্থানীয় ব্যক্তিৰ দ্বাৰা উপকৃত হ’ব। বন্ধুৰ সমাদৰ লাভ। প্রাথমিক বিদ্যাৰ্থীৰ বাবে কিছু অশুভ যদিও উচ্চ শিক্ষার্থীসকলৰ আৰম্ভণিতে বিদ্যাত উন্নত। সন্তানৰ কৃতকার্যতা লাভ। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্রসাৰিত হ’লেও আর্থিক লাভালাভ কম।
বৃষ : আর্থিকত ধনাগমনৰ যোগ উন্নত হ’ব। বন্ধৰ দ্বাৰা আর্থিকত সহায় পাব। সন্তানৰ কাৰ্যই মনত আনন্দ দিব। প্রাথমিক বিদ্যাৰ্থীৰ লগত উচ্চ শিক্ষার্থীসকলৰ বিদ্যাত সুফল লাভ। কর্মপ্রার্থীৰ কৰ্মলাভৰ যোগ উন্নত দেখা যায়। কৰ্মৰত ব্যক্তিৰ পদোন্নতি ও সন্মান লাভৰ যোগ। ব্যৱসায়ীসকলৰ বাবে মাহটাে শুভ বুলিব নোৱাৰি।
মিথুন : ৰক্তদূষিত কষ্টাদি, শৌচ কিম্বা দন্তপীড়া ও হৃদৰােগৰ শঙ্কা বৃদ্ধি। আর্থিকত ধনাগমনৰ যোগ উন্নত হ’লেও খৰচৰ মাত্রা বৃদ্ধি। ভাতৃ-ভগ্নী স্থান মধ্যম। বন্ধুৰ দ্বাৰা সহায় লাভ। প্রাথমিক বিদ্যাৰ্থীৰ লগতে উচ্চ শিক্ষার্থীৰ বাবে মাহটো অশুভ। শত্ৰু পৰাভূত হ’ব। কর্মপ্রার্থৰ কৰ্মলাভত খেলিমেলিৰ যোগ। কৰ্মৰত ব্যক্তিৰ কর্মক্ষেত্ৰত জটিলতা বৃদ্ধি। ব্যৱসায়ীসকলৰ ব্যৱসায়িত লোকচান ভৰাৰ যোগ ।
কর্কট : চৰ্মৰোগ কিম্বা উদৰ ৰোগ আদিত ভূগিব পাৰে। খৰচৰ মাত্রা কিছু বৃদ্ধি পালেও অপ্রত্যাশিত ধনাগমনৰ যোগে আর্থিকত উন্নত হ’ব। ভাতৃ কিম্বা ভগ্নীৰ স’তে মতবিৰােধ বন্ধুস্থান মধ্যম। প্রাথমিক বিদ্যাৰ্থীৰ বাবে মাহটাে উন্নত নহয়। উচ্চ শিক্ষার্থীৰ বিদ্যালাভত মঙ্গলৰ শুভ প্ৰভাৱ পৰিব। সন্তানৰ উন্নতি লাভ। কৰ্মৰত ব্যক্তিৰ কর্ম উন্নতি ও আর্থিক লাভ। কর্মপ্রার্থীৰ কর্ম লাভৰ যোগ উন্নত। ব্যৱসায়িকসকলৰ শুভ।
সিংহ : শ্লেষ্মাকষ্ট, চক্ষুৰােগ, শিৰঃ পীড়াদিত ভূগিব। ধনাগমনৰ যোগ উন্নত হােৱাৰ বিপৰীতে খৰচৰ মাত্রা বৃদ্ধি পাব। মাজভাগৰ পৰা বন্ধুৰ সহায় লাভ। প্রেমপ্রণয়ত উন্নতি যদিও বিবাহ প্ৰাৰ্থীৰ বিবাহকার্য সমাপনত জটিলতাই দেখা দিব। প্রাথমিক বিদ্যাৰ্থীৰ লগতে উচ্চ শিক্ষার্থীৰ মাহটোৰ মাজভাগৰ পৰাহে উন্নত দেখা যায়। কর্মপ্রত্যাশীৰ জটিলতাৰ মাজেৰে কৰ্ম লাভ।
কন্যা : মূত্রাশয়জনিত ৰােগ, জণ্ডিছ আদিৰ শঙ্কা ও বুকুৰ বিষ আদি দেখা যায়। মাজভাগৰ পৰা অৰ্থৰ কিছু আগমন ঘটিব। ভাতৃ-ভগ্নীৰ স’তে বিবাদত লিপ্ত হ’ব পাৰে। বন্ধৰ দ্বাৰা প্রতাৰিত হােৱাৰ ভয়। শত্রু পৰাভূত হ’ব। প্রাথমিক বিদ্যাৰ্থীৰ বাবে মাহটাে অশুভ যদিও উচ্চ শিক্ষার্থীয়ে যত্ন কৰিলে সুফল লাভ পাব। প্রেমপ্রত্যাশীৰ প্ৰেমত বিফলতা। পাৰিবাৰিকত অশুভ।
তুলা : আৰম্ভণিতে শাৰীৰিকত ৰক্তদূষিত কষ্ট, বুকুৰ বিষ ও মূত্রাশয়জনিত ৰােগৰ শঙ্কা থাকিব। খৰচৰ মাত্রা বৃদ্ধিয়ে ধনভাবত বাৰুকৈ প্রভাৱ পৰিব। ভ্রাতৃ-কিম্বা ভগ্নীৰ সৈতে মনোমালিন্য। সন্তানৰ কৃতকার্যতা লাভ। শত্ৰু পৰাজয় হ’ব। বিবাহ প্রার্থীৰ বাবে মাহটাে উন্নত যদিও পাৰিবাৰিক অশান্তি কিছু বৃদ্ধি পাব। কৰ্মৰত ব্যক্তিৰ উন্নতি ও কর্মপ্রত্যাশীৰ চেষ্টাৰ বলত কর্মলাভৰ যোগ। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্রসাৰিত হ’ব।
বৃশ্চিক : মাজভাগৰ পৰা আর্থিকত উন্নত দেখা যায়। ভ্ৰাতৃ কিম্বা ভগ্নীৰ দ্বাৰা সহায় লাভ। বন্ধুৰ স’তে সাৱধানে চলিব। প্রাথমিক বিদ্যাৰ্থীসকলৰ কিছু অশুভ যদিও উচ্চ শিক্ষার্থীয়ে বিদ্যাত সুফল লাভ কৰিব। সন্তানৰ কাৰ্যই মনত আনন্দ দিব। কর্মপ্রার্থীৰ কৰ্মলাভৰ যোগ উন্নত। কৰ্মৰত ব্যক্তিৰ কর্মোন্নতি ও সন্মান লাভৰ যোগ। ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্রসাৰিত হ’ব যদিও হাতলৈ ধন অহাত বাধা দেখা যায়।
ধনু : লগ্নপতি গুৰু নৱমত শুভ হেতু শাৰীৰিকত উন্নত হ’ব যদিও অস্ত্ৰাগ্নি-যানাদি ভয়ৰ শঙ্কা থাকিব। বন্ধুৰ দ্বাৰা সহায় লাভ। প্রাথমিক বিদ্যাৰ্থীৰ বাবে মাহটো উন্নত হ’ব। উচ্চ শিক্ষার্থীৰ নানান খেলিমেলি। সন্তানৰ কার্যই মনত চিন্তা বৃদ্ধি। কর্মপ্রত্যাশীৰ কষ্টৰ মাজেৰে কৰ্মলাভৰ যোগ শুভ। কৰ্মৰত ব্যক্তিয়ে ওপৰৱালাৰ মন জয় কৰিব পাৰিব। ব্যৱসায়ীসকলৰ যথেষ্ট কষ্টৰ মাজেৰে সফলতা লাভ |
মকৰ : আৰম্ভণিতে শ্লেষ্মাকষ্ট, চর্দি, জ্বৰোদৰাময় ও শেষত অস্ত্ৰাগ্নি-যানাদি ভয়। ধনভাব উন্নত হ’ব। যদিও খৰচৰ মাত্রা হ্রাস পাব। ভাতৃ-ভগ্নীৰ সমাদৰ লাভ। প্রাথমিক বিদ্যাৰ্থীৰ লগতে উচ্চ শিক্ষার্থীসকলৰ বাবে মাহটো অতি শুভ। ব্যৱসায়ীসকলৰ আৰম্ভণিতে অশুভ যদিও শেষৰ ফালে শুভ। বিবাহ প্রার্থীৰ বিবাহৰ যোগ উন্নত দেখা যায় যদিও প্রেমপ্রত্যাশীয়ে সাৱধানে আগবাঢ়িব।
কুম্ভ : ধনভাব উন্নত হােৱাৰ বিপৰীতে খৰচৰ মাত্রা বৃদ্ধি পাব। ভাতৃভগ্নীৰ স্থান মধ্যম। সন্তানৰ কৃতকার্যতা লাভ। প্রাথমিক বিদ্যাৰ্থীৰ বাবে মাহটো অশুভ। উচ্চ শিক্ষার্থীয়ে বিদ্যাত সুফল লাভ কৰিব পাৰিব। কর্মপ্রত্যাশীৰ কৰ্মলাভৰ যোগ উন্নত। কৰ্মৰত ব্যক্তিৰ আর্থিক উন্নতি ও সন্মান লাভ। ব্যৱসায়ত ধনাগমনৰ যোগ । বিবাহ প্রার্থীৰ বিবাহৰ যোগ উন্নত। প্রেমপ্রণয়ত আনন্দ লাভ |
মীন : শাৰীৰিকত চক্ষুৰােগ, শিৰঃ পীড়া, চর্মৰোগ, উদৰ ৰোগ ও গাৰ বিষ আদি দেখা যায়। খৰচৰ মাত্রা কিছু বৃদ্ধি পাব যদিও ধনাগমনৰ যোগ উন্নত হ’ব। প্রাথমিক বিদ্যাৰ্থীৰ বিদ্যালাভত কিছু বাধাৰ যোগ। উচ্চ শিক্ষার্থীসকলৰ শুভ সময়। কর্ম প্রত্যাশীৰ কৰ্মলাভৰ যোগ উন্নত। কৰ্মৰত ব্যক্তিৰ কর্মোিন্নতি ও সন্মান লাভ। ব্যৱসায়ী সকলৰ ব্যৱসায় সম্প্রসাৰিত হৈ ধন ঘটাৰ শুভ সময়। প্রেমপ্রত্যাশীৰ মধ্যম।
0 comments:
Post a Comment