সাপ্তাহিক ৰাশিফল : ১৬ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰ, ২০১৬ লৈ


মেষ : আত্মসচেতন। লগতে আদর্শমূলক যিকোনো কর্মকে শ্রদ্ধাৰে চাব। নিজেও বিজ্ঞানসন্মত কর্মাদিত বিশ্বাস ৰাখিব। তাৰ মাজেদিও গভীৰ অধ্যয়ন অব্যাহত ৰাখিব। লগতে হাতত লোৱা কাম পৰাপক্ষত পেলাই নাৰাখিব। চকুৰ আমনি। শৰীৰ দুৰ্বল। অস্ত্ৰাদি ব্যৱহাৰত সতর্ক হওক। পত্নীৰ দেহােদুর্বল। দৃঢ়তা ক্ৰমে বৃদ্ধি। শত্ৰুৰ ষড়যন্ত্রনিয়ন্ত্রিত। ব্যৱসায়ত বেয়া নহয়। 

বৃষ : ঘৰুৱাত চকু ৰাখক। মনোেবল নবঢ়ালে অসুস্থ হৈ পৰিব। গভীৰ চিন্তা। যাৰ মঙল শনি জীৱনত দুর্বল বহু সমস্যাৰ মাজেদি অগ্ৰগতি কৰিব। আনহাতে নিজৰ উদ্দেশ্য পালনত মূল্যৱান সম্পত্তিকো গুৰুত্ব নিদিব পাৰে। অৱশ্যে গুৰু ৰবি একে ঠাইতে উপস্থিত হােৱাত আপোনাৰ গুণ বিকশিত তথা খ্যাতি লাভৰ যোগ। সন্তানৰ ক্ষেত্ৰতো আশাবাদী। পূৰ্বতে যিসকলে অৱজ্ঞা কৰিছিল এতিয়া উপযাচি তেওঁলোকে লগ ধৰিব কিন্তু বৃহস্পতিঅস্তগামী হ’ব বাবে কোনোৱে আইনীয় কাৰণত জড়িত হ’ব। 

মিথুন : মোটামুটি ভাগ্যবর্ধক। এইক্ষেত্ৰত বিশেষ টেনচনো দেখা নাযায়। শিল্পীসন্মত ধাৰা বা পথত থকা শিল্পীৰ অনুকুল। থিয়েটাৰ, চিনেমা,বিনোদনৰ দৰে সৃজনীমূলক কর্মতো খ্যাতি থাকিব। সম্ভৱস্থলত বিবাহ আদিৰাে আয়োজন। সামাজিক, প্রীতিমূলক সংযোগ আদিত অনুকূল। পঢ়া-শুনাত শুভ। কিন্তু ১৮ ছেপ্টেম্বৰৰ পিচত দাম্পত্যত চকু ৰাখক। কর্কটঃনানা কাৰণত হঠাৎ মনত বিৰক্ত ভাব অহাৰ লগতে অহংভাবেও আপোনাক পীড়িত কৰিব। অৱশ্যে প্রতিদিশক ঐক্যৰে যাতে ৰাখিব পাৰে চেষ্টাও কৰিব। আনহাতে আপোনাৰ বহিজ্ঞান, কূটনৈতিক অৰ্হতা প্রশংসনীয় হ’ব। বিদ্যাত মধ্যম। বহু জ্ঞান-বিজ্ঞান অধ্যয়নৰ চেষ্টা কৰিলেও সুযোগ পাব। সাহসিকতা। পিচে ঘৰুৱাত এতিয়াও নিশ্চিন্ত নহয়। আর্থিক উন্নতিৰ চেষ্টাত কিছু সফল। উচ্চ চিন্তা। শত্রু বৃদ্ধি।

সিংহ : আশাবাদী। বিদ্যাত খুব নিৰাশ নহয়। কার্যক্ষমসকলে নিজৰ কৰ্মৰ প্ৰতি বিশ্বাস ৰাখিব পাৰিব আৰু তেনেদৰে অগ্ৰগতি কৰাৰো সুযোগ পাব পাৰে। কিন্তু ১৭ তাৰিখৰ পৰা দূষিত হােৱাত উদ্বেগ বৃদ্ধি পাব। ৰোগগ্ৰস্তসকল সতর্ক হওক। লগতে কোনো এৰাব নোৱাৰা বিশেষ কাৰণত খৰচৰ মাত্ৰা ৰােধ কৰাটাে টান। সম্ভৱস্থলত নিজৰ সঞ্চয়তো হাত দিবলগীয়াত পৰিব। মাতৃৰ মধ্যম। সুনাম কিছু থাকিব। 

কন্যা : কষ্টসাধ্য উন্নতিৰে স্বীয় দায়িত্ব দক্ষতাৰে পালন কৰিব। বিভিন্ন ভাব-ভক্তি থাকিলেও ৰাশিত বৃহস্পতি আস্ত হৈ ৰবিযুক্ত হোৱাত আশা কৰামতে উন্নত ফলাদি নাপাব। কোনোৱে ১৮ ছেপ্টেম্বৰৰ পিচত পুত্ৰ সুখ বঞ্চিত হ’বও পাৰে। বিদ্যাত খুব বেয়া দেখাও নাযায়। আনহাতে কিছুমান গৃহ সমস্যাৰ উন্নতি হােৱাৰ সম্ভাৱনা আছে। শৰীৰ মধ্যম। যদি কিবা আইনীয় কথা আছে, পৰাপক্ষত ৰুজু নকৰিব। কৰিলে লাভৰ তুলনাত লোকচান। দাম্পত্যত অৱশ্যে বেয়া নহ’ব।

তুলা : দুই-এক মুখাপিন্ধা লোকে আপোনাক প্ৰৰােচিত যাতে কৰিব নোৱাৰে চকু ৰাখক। নিজৰ শক্তি ইচ্ছাই বিভিন্ন প্রতিশ্রুতি ৰক্ষা কৰাৰ চেষ্টা কৰাটাে উচিত। পিচে আপোনাৰ অন্তর্যামী এটা শক্তি আছে— তাৰ জৰিয়তে বিভিন্ন জালিয়াতিবাদুষ্টক চিনিবও পাৰিব। সেইহিচাপে নিজে নিজক সদায় সষ্টম কৰি ৰাখিব। কিন্তু যাৰ শনি দুর্বল, তেওঁ অতিপাত পৰিশ্ৰম কৰিবলগীয়া হ’ব। মাতৃৰ মধ্যম। বিদ্যাত অনুকূল। 

বৃশ্চিক : উচ্চস্তৰীয় চৰকাৰী বিষয়া বা কর্ণধাৰৰ দায়িত্বও গধুৰ। সেই হিচাপে প্রশংসাও বুটলিব। কিন্তু কোনোৱে কেতিয়াবা নিঃসংগ মানসিকতাত ভুগিব। দেখাত আপোনাক বেছ গহীন অথচ উষ্মাহীন যেন লাগিব। যদিও বাধ্য হৈ কিছুমান অনুসন্ধানীয় দিশত লিপ্ত হ’ব। শৰীৰ মধ্যম। পিচে ১৮ তাৰিখৰ পিচত খৰচৰ মাত্ৰাৰ লগতে দুষ্ট লোকে আমনি কৰিব পাৰে। মাতৃৰ মধ্যম। বিদ্যাত শুভ।

ধনু : শৰীৰ বৰ ঠিক নহ’লেও ঘৰুৱা পৰিবেশ কিছু অস্থিৰ, তথা দায়িত্বও বৃদ্ধি। যিসকল সমাজকর্মী তেওঁলোকৰ যশ মান বৃদ্ধি। স্থায়ী বন্ধু। দাম্পত্যতো খুব এটা উন্নত দেখা নাযায়। ৰাজনীতিত অলপ বাধা। অযথা অর্থহানি যাতে নহয় ব্যৱসায়ী, কর্মচাৰীসকলে সচেতন থকাই ভাল। পূজ্য কোনোৰ দৈহিক অথন্তৰ সম্ভৱ। কোনো সুযোগ যাতে হাতৰ পৰা এৰা খাই নাযায় সষ্টম হওক। বিদ্যাত ভালেই। সন্তানৰ মোটামুটি। মূৰত আঘাত পাব পাৰে চাব। 

মকৰ : আশাবাদী মন হ’লেও উৎকণ্ঠাৰ শেষ হােৱা টান। যোগাত্মক চিন্তাতকৈ বিয়োগাত্মক কিছুমান চিন্তাই জুমুৰি দি ধৰিব পাৰে। হ'লেও আপোনাৰ ভাবমূর্তি উন্নত থাকিব। একেদৰে পালি-পহৰীয়া সহযোগী তথা বহিঃস্থানৰ লোকেও আপোনাৰ পূৰ্বৰ গুণ থাকিলে প্রশংসা কৰিব। দাম্পত্যত বেয়া নহ’ব। দূৰ ভ্ৰমণ বা নতুন পৰিকল্পনা থাকিলে নিতান্ত কিবা সমস্যাৰ কাৰণে সময়ৰ ৰদ-বদল কৰিব পাৰে। পঢ়াশুনাত শুভ। কথা-বতৰাত বিচক্ষণতা। অনুষ্ঠান আদিৰ সহায়। 

কুম্ভ : পৈতৃক সম্বন্ধীয় সূত্রে সম্ভৱস্থলত লাভ। আনহাতে প্রথম কেইদিনমানৰ পিচত বলিষ্ঠ প্ৰকাশ বা মনোভাবো দেখা যাব পাৰে। খৰচৰকাৰণেনিজক প্রস্তুত ৰাখক। তাৰ মাজতে কিছুমান আদর্শমূলক দৃষ্টান্তৰে আগবাঢ়িব আৰু তাকে দেখি বহুতে প্ৰভাৱিত হ’ব পাৰে। কিন্তু আইন-কানুন জানিলেও তাক যাতে অপপ্রয়োগ নকৰে। বিদ্যাত বেয়া নহয়। ঘৰুৱাত ভাল যদিও সমস্যাও থাকিব। পঢ়াত উন্নত। 

মীন : মূলতঃ খুব বেয়া নহয় যদিও সামগ্রিক দৃষ্টিত আপুনি গধুৰ দায়িত্ব পালন কৰাৰ প্রয়ােজন হ’ব। প্রতিক্ষণে গৃহৰ প্ৰতি সচেতন থকাৰাে প্রয়োজন।অৱশ্যে দৈহিক খুব বেয়া নহ'ব। দাম্পত্যতবুজাবুজি থাকিলেও একাধিক সৰু-বৰ সমস্যাই খেলি-মেলি কৰিব। অর্থ উপার্জনত সাধাৰণ বাধা, কিন্তু ব্যৱসায়ত খুব বেয়া দেখা নাযায়। সহানুভূতিশীল মন। সন্তানৰ মধ্যম।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment